Friday, August 5, 2011

চিঠি


তেওঁৰ চিঠি,
সিঁচি দিয়ে
ৰঙা-নীলা-সেউজীয়া
আবিৰ এমুঠি,
ৰামধেনুৰ সাতোৰঙী
বর্ণৰ পাৰ ভাঙি
আলফুলে দি যায়
বৰণীয়া শব্দৰ
এধাৰি মালা গুঠি..

Wednesday, August 3, 2011

মোৰ অনামী প্ৰেমিকা


এবুকু আন্ধাৰ এবুকু পোহৰ
ফাঁকে ফাঁকে এখন ছয়াময়া ছৱি
এবুকু সুখ এবুকু দুখ
মাজতে এটা মিঠা অনুভূতি
জান নিজাপ কঁপিছে সুৰসুৰাই বিয়পিছে
মোৰ মনৰ তলিত তোমাৰ আগাদেৱা বাঢ়িছে

Tuesday, August 2, 2011

পখিলাৰ প্ৰেম


প্ৰেমে নামানে বয়সৰ সীমনা
প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা
নৌকাই বিচাৰি লয় নিজৰ ঘাট
মানুহে বিচাৰি মৰে সুখৰ বাট
কিমান আকুল এই হৃদয় তোমাৰ বাবে
কোনে বুজিব?
কোনে বুজিব, কিদৰে আশাৰ সমাধি বগাই
ৰৈ আছো এতিয়া মাথো তোমাৰ বাবে

Monday, August 1, 2011

Blogger: Dashboard

ক্ৰিং ক্ৰিং ক্ৰিং .....

আজি প্ৰায় ৫/৬ বছৰমানৰ মুৰত এই শব্দটো শুনিলো৷ ভাল লাগিল কিবা নষ্টালজিক শব্দ এটা শুনা যেন লাগিল৷ প্ৰকৃত কথাটো হল আমাৰ লেণ্ডলাইনটো আজি ৬ বছৰমানৰ পাছত ভাল হল৷ ধন্যবাদ ভাৰত সংসাৰ নিগম লিমিটেডৰ অসম শাখা৷